এতিয়া বসন্ত ঋতুৰ শেষ আৰু গ্ৰীষ্ম ঋতুৰ আৰম্ভণিৰ সময়। প্রকৃতিয়ে এই সময়ছোৱাত এক অনন্য ৰূপ ধাৰণ কৰে। গভীৰ সেউজীয়া পাতেৰে ঢাকি ৰখা গছবোৰ ভিন্নৰঙী চৰাইবোৰে শুৱনি কৰে। গছৰ ডালত, ধোন্দত, ঘৰৰ মূধত বিভিন্ন চৰায়ে পোৱালি জগায়। এই শান্ত, গম্ভীৰ প্রকৃতিখন যাতে মানুহৰ কামৰ দ্বাৰা হানি নহয় তালৈ প্রতিজন মানুহে লক্ষ্য ৰখাটো কর্তব্য। বসন্ত কালতে নতুন বছৰৰ আৰম্ভণি হয়। পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহে নৱবৰ্ষৰ উৎসৱ পালন কৰে। আচৰিত ধৰণেৰে সেই উৎসৱ সমূহৰ মাজেৰে প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক গাঢ় হয়।

অসমত বসন্ত ঋতুত পালন কৰা অন্যতম উৎসৱ সমূহ হ'ল বিহু, আলি আই লৃগাং, বৈশাণ্ড আদি। বৌদ্ধ পূর্ণিমাও বসন্ত কালতে উদ্যাপন কৰা হয়।

বুদ্ধদের বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক। বৌদ্ধধৰ্মৰ মূলমন্ত্র অহিংসা। জীৱই ৰোগ, জৰা, মৃত্যুৰ যন্ত্ৰণাৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰে তাৰ উপায় বুদ্ধদেৱে মানুহক দি থৈ গৈছে। হিন্দু ধর্মই বুদ্ধদেৱক ভগৱান বিষ্ণুৰ দশম অৱতাৰ হিচাপে গ্রহণ কৰিছে। সমগ্ৰ ভাৰতবর্ষতে বৌদ্ধপূর্ণিমা অতি পবিত্র তিথি হিচাপে গণ্য কৰা হয়। উজনি অসমৰ টাই ফাকে আদি সম্প্রদায়ে বৌদ্ধ পূর্ণিমা উৎসৱ অতি ধুমধামেৰে পালন কৰে। এই উৎসৱসমূহে মানুহৰ মাজত সম্প্রীতি গঢ়ে।

বৰ্তমান বিশ্বৰ মানুহৰ মাজত সম্প্রীতি ভাৱৰ অতি প্রয়োজন হৈ পৰিছে। মানুহে মানুহক শত্রু জ্ঞান কৰিলে মানুহৰ জীৱন বিপদাপন্ন হৈ পৰে। বিশ্ব ৰাজনীতি সাম্প্রতিক সময়ত অতি অস্থিৰ হৈ আছে। আমেৰিকা-ইজৰাইলৰ ইৰাণৰ লগত হোৱা যুদ্ধই বিশ্বৰ আকাশ গোমা কৰি ৰাখিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প আৰু ইজৰাইলৰ প্রধান শাসক ব্রেঞ্জামিন নেতানিয়াহুয়ে ইৰাণৰ ওপৰত আক্ৰমণ চলাই ইৰাণী শাসক ওমৰ খোমেনীক হত্যা কৰাৰ পিছৰে পৰা ইৰাণ প্রতিশোধ পৰায়ণ হৈ পৰিল। যুদ্ধৰ বিভীষিকাই বিশ্বক আৱৰি ধৰিলে।

আমাৰ চুবুৰীয়া দেশ নেপালৰ ৰাজনীতিতো পৰিৱৰ্তন ঘটিছে। নতুন প্ৰজন্মৰ নায়ক বালেন শ্বাহৰ নেতৃত্বত নর প্রজন্মই পুৰণি দুর্নীতিগ্রস্ত চৰকাৰ ভাঙি নতুন চৰকাৰ গঠন কৰিলে। নেপালৰ উন্নতিৰ বাবে চৰকাৰখনে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে।

নেপালৰ নতুন ৰাজনৈতিক উত্থানৰ নেতৃত্ব গ্রহণ কৰিছিল 'জেন জি (Gen Z)' মানে নতুন প্রজন্মই। আজিৰ প্রজন্মই নিজকে জেন জি বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰে। তেওঁলোকৰ বিশেষত্ব হ'ল তেওঁলোক আধুনিক প্ৰযুক্তিৰ লগত গভীৰ ভাৱে সংলগ্ন হৈ থাকে। নেটৱৰ্ক ব্যৱস্থাৰ সুবিধাৰে তেওঁলোক বিশ্বৰ বিভিন্ন তথ্য সম্পর্কে জ্ঞাত।

জেন জি আধুনিক ক্ষুদ্ৰ পৰিয়াল ব্যৱস্থাৰ মাজত ডাঙৰ হোৱা প্রজন্ম। সেয়েহে কিছুমান সন্তানৰ মাজত দেখা যায় তেওঁলোক সহনশীলতা, সম্মান প্রদর্শন, তথা ধৈৰ্য আদি গুণৰ পৰা কিছু আঁতৰত। তদুপৰি তথ্য নিৰ্ভৰ হোৱা বাবে তেওঁলোকৰ জ্ঞান বিশ্লেষণৰ ক্ষমতা কম। আনহাতে আজিকালিৰ শিক্ষা ব্যৱস্থাইও তেওঁলোকৰ নৈতিক-আধ্যাত্মিক উন্নতিত অৰিহণা যোগাব পৰা নাই। নতুন আৱিষ্কাৰ আৰু নতুন চিন্তাৰ বাবে জ্ঞান বিশ্লেষণৰ ক্ষমতাৰ প্ৰয়োজন অধিক।

এতিয়া পৰিবৰ্তনৰ যুগ। এটা সময়ত অসমৰ বাহিৰৰ লোকসকলে অসমক জংঘলৰ ৰাজ্য বুলিয়েই জানিছিল। কিন্তু আজিকালি অসমৰ পৰিচয় সলনি হৈছে। আজিৰ অসম চেমি কণ্ডাক্তৰৰ ৰাজ্য, এলিভেটেড কৰিড'ৰৰ ৰাজ্য। আনহাতে ২০২৬ৰ নিৰ্বাচনে আমাক নতুন সাহস আৰু প্ৰেৰণা প্ৰদান কৰিছে। অনাগত দিনত অসমৰ অধিক উন্নতি হ'ব বুলি আমি সকলোৱে আশাবাদী।